![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি সাধন হৈছে পশ্চিম কাৰবি আংলঙত ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত জিলাখনৰ জনজীৱন স্তব্ধহৈ পৰে ৷ ধুমুহাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি ঘাই পথসমূহ বন্ধ হৈ পৰিছে ৷ জিলাখনৰ বহু ঠাইত প্ৰৱল ধুমুহাত বাসগৃহ উৰুৱাই ভাঙি-ছিঙি বিস্তৰ ক্ষতি সাধন হোৱাৰ শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত যান-বাহন যাতায়তত আংশিক বাধাৰ সৃষ্টি হৈছে ৷

আনহাতে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ লগতে ইয়াৰ নিকটৱৰ্তী এলেকাত ধুমুহা বতাহৰ আংশিক প্ৰভাৱ পৰিছে বুলি জানিব পৰা গৈছে ৷












