![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি প্ৰায় ১ মান বজাত ডিফুৰ সমীপৱৰ্তী পিৰৱী মাৰ্কেটৰ ৰংচিংহঙত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ জানিব পৰা ডিফু হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ কাৰ্যালয়ত চতুৰ্ব বৰ্গৰ কৰ্মচাৰী ৰংচিঙ নিৱাসী জয়ছিং ইংলেঙৰ বাসগৃহত কোনো নথকাৰ অৱস্থাত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ ফলত নগদ ধনসহ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভষ্মীভূত হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷

ইয়াৰোপৰি জয়ছিং ইংলেঙ আৰু তেওঁৰ পত্নী জোনালী ৰংপিপীয়ে পোহা কেইবাজনী কুকুৰা চৰাই নিধন হয় বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সম্ভেদ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ৷ অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নিয়ন্ত্ৰণ কৰে যদিও ইয়াৰ পূৰ্বেই জয়ছিং ইংলেঙৰ বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় ৷ বাতৰি লিখা পৰলৈকে জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰত্যক্ষদৰ্শীয়ে উক্ত জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিউটৰ বাবে সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷












