![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পিতৃ-মাতৃৰ পৰিচয়হীন এটি কণমানি ৷ নাম তাইৰ ফ্লৰ ৷ বয়স মাত্ৰ ডেৰ বছৰ ৷ জন্মৰ পিছৰ পৰা শিশুটি আছিল অত্যন্ত দুৰ্বল ৷ কাৰবি আংলং জিলাৰ ধনশিৰিত থকা অনাথ আশ্ৰমৰ অম্বিকাই ডেৰ মাহ ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পিছত কন্যা শিশুটি সুস্থ হৈ উঠিছিল ৷ এতিয়া কণমানিজনী সুস্থ সৱল ৷ সেই ডেৰ বছৰীয়া কণমানিজনীক আজি বহাগৰ প্ৰথম দিনটোতে নিজৰ কৰি লৈছে মাল্টাৰ এটি হৃদয়বান পৰিয়ালে ৷ পৃথিৱীৰ এখন অতি সৰু দেশ মাল্টা ৷ তাৰে বাসিন্দা ডেনিয়েল তান্টি ফৰিগ্ৰৱা আৰু লাৰা তান্টি ফৰিগ্ৰৱা ৷ ৪ বছৰ আগতেই এটি শিশু তুলি লোৱাৰ বাবে আৱেদন কৰিছিল আৰু আজি ফ্লৰক নিজৰ সন্তানৰূপে পালে ৷
অনাথ আশ্ৰমৰ পৰা ফ্লৰক বিদায় দিয়াৰ সময়ত এক আবেগিক পৰিবেশৰ সৃষ্টি হ’ল ৷ কিন্তু পিতৃ ডেনিয়েল আৰু মাতৃ লাৰা সুখী ফ্লৰক পাই ৷ আনহাতে ডেৰ বছৰীয়া ফ্লৰো সৌভাগ্যবান বিহুৰ দিনটোত নিজৰ পিতৃ-মাতৃৰ লগত এখন নতুন দেশৰ নাগৰিক হ’ব তাই ৷












