![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে এক অভিযান চলাই এক বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি এক বিশেষ সূত্ৰৰ পমখেদি আজি দুপৰীয়াৰ ভাগত জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি মাঞ্জাত এক তালাচী অভিযান চলায় ৷

উক্ত তালাচীত অভিযানকাৰী দলটোৱে এমএন ০৫২৩৮ নম্বৰৰ দহচকীয়া ট্ৰাকখনত চলোৱা তালাচীত ট্ৰাকখনত লুকুৱাই অনা অৱস্থাত ৩৬টা চাবোনৰ বাকছত মুঠ ৪৩৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় লগতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ সৰবৰাহকাৰী দুটা ক্ৰমে, ৱেষ্ট মণিপুৰ ইম্ফল মহকুমাৰ বাংগই পাওবিটেকৰ ইডিগ্ পথ নিৱাসী আব্দুল গফৰ আৰু আজাদ খান বুলি চিনাক্ত কৰা হৈছে ৷ জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য ৩২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিছে ৷












