![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি ডিফুত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় ১১-৩০ মান বজাত ডিফু চহৰৰ নিকটৱৰ্তী ডিফু-মাঞ্জা পথৰ বিৰলাৰ ওচৰত সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনা ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে এএমএ ৭০১৭ পঞ্জীয়ন নম্বৰৰ ট্ৰাকখন ভুল দিশেৰে গাড়ী চলাই বিৰলাত এখন গেলামাল দোকানৰ ওচৰত বিপৰীত দিশৰ পৰা আহি দোকানৰ ওচৰত ৰখোৱা এএছ ০৯ ডি ২৮২৯ মটৰ চাইকেল আৰু দুজন আৰোহীক প্ৰথমে থুন্দিয়াই মাঞ্জা দিশৰ পৰা আহি থকা আন এখন নম্বৰ প্লেট বিহীন যাত্ৰীবাহী অট’ৰিক্সাক খুন্দিয়াই চূৰ্ণ-বিচূৰ্ণ কৰে ৷

উক্ত দুৰ্ঘটনাৰ ফলত অট’ চালক সুভাষ মালাকাৰ (৩৫) থিতাতে নিহত হয় ৷ তৎক্ষণাত মটৰ চাইকেল আৰোহী দিপু টকবী (২০) আৰু গোবিন্দ ব্ৰক্ষ্ম (২৫) সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও বাটতে দুয়োৱে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷
জানিব পৰা মতে গোবিন্দ ব্ৰক্ষ্ম ডিফু মৰ্ণিং ষ্টাৰ ক্লাৱৰ খেলুৱৈ বুলি জানিব পৰা গৈছে ৷ আনহাতে ঘটনা সংঘটিত কৰিয়েই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালকজন পলাই যাবলৈ সক্ষম হয় ৷ ঘটনাৰ সম্ভেদ লাভ কৰি কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰৰ নেতৃত্বত ডিফু থানাৰ অ’চি সীমান্ত বৰা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথসহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় ৷ শেহতীয়াকৈ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷












