![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ এক গোপন খবৰৰ ভিত্তিত খটখতি আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মব্লিক ব্ৰহ্ম; এছ আই চৰণ মোহন চেতিয়া আৰু মৃদুল ৰুদ্ৰ পালসহ খটখতি আৰক্ষী থানাৰ এটা আৰক্ষী দলে অভিযান চলাই আজি ২৫টাকৈ চাবোনৰ বাকচত থকা মুঠ ৩১৮ গ্ৰাম হেৰইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে দুই ড্ৰাগছ সৰবৰাহকাৰী ডিমাপুৰৰ নাগেন্দ মাহাতো আৰু বাবলু কুমাৰে জব্দ কৃত হেৰইনখিনি কোনো অজ্ঞাত ব্যক্তিক যোগান ধৰাৰ বাবে এন এল ০৭ এফ ৯৮১৭ নম্বৰৰ এখন অটো’ ৰিক্সাৰে আহি খটখটী আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজানস্থিত “ৰাজধানী” নামৰ এখন হোটেলৰ সন্মুখত ৰৈ থকাৰ খবৰ লাভ কৰে আৰক্ষীয়ে । সেই সময়তে আৰক্ষীয়ে তাত অভিযান চলাই ড্ৰাগছ সহ দুই সৰবৰাহ কাৰীক আটক কৰি খটখটী থানালৈ লৈ আনে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা ।












