![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সকলো বিশ্বৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ উদ্যোগত ধৰিত্ৰি দিৱস উদযাপন কৰা হয় ৷ ইয়াৰোপৰি ডিএলএছএই ডিফু ন্যায়িক আদালত চৌহদত এক বৃক্ষ ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ সহকাৰী সত্ৰ ন্যায়াধীশ এম এইছ আনচাৰী, কাৰবি আংলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙ, ডিএলএছএৰ সচিব নাগিব আহমেদ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ বৃক্ষৰোপণৰ পিছতে “ধৰিত্ৰি দিৱস’ সংক্ৰান্ত এক অনলাইন ছেমিনাৰ অনুষ্ঠিত হৈ যায় ৷

উক্ত ছেমিনাৰত ডিএলএছএৰ অন্তৰ্ভূক্ত অধিবক্তা, ৱান ষ্টপ চেণ্টাৰৰ প্ৰতনিধি, ডিফু উকিল সন্থাৰ প্ৰতিনিধি আৰু আইনৰ ছাত্ৰসকলে অনলাইন আলোচনাত অংশগ্ৰহণ কৰে ৷ উক্ত আলোচনাত সুপ্ৰিয়া হাঞ্চু মূল বক্তা হিচাপে থাকে ৷ দীপাঞ্জলী দাস আলোচনা চক্ৰটি পৰিচালনা কৰে ৷ ক’ভিড ১৯ ৰ ভয়াভহতাৰ প্ৰতি লক্ষ্য ৰাখি ছেমিনাৰখনত শাৰীৰিক উপস্থিতিৰ বিপৰীতে অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয় ৷













