![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যজুৰি ক’ৰ’নাৰ সংক্ৰমণে পৰিস্থিতি জটিল কৰি তুলিবলৈ লোৱাৰ সময়তে কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আব্দুল হেকিম ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি আজি নিশ্চিত কৰা হয় । ক’ৰ’নাৰ সংক্ৰমণে শেহতীয়াকৈ জটিল ৰূপ ধাৰণ কৰা পাহাৰীয়া জিলাখনত কালি পৰ্যন্ত মুঠ ২১৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।
জিলাখনত যোৱা ২০ এপ্ৰিলত চাহিদা বেগম (৬২) আৰু ২১ এপ্ৰিলত ভজন দে’ (৫৭) নামৰ দুজন লোক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে । জিলাখনত সম্প্ৰতি দৈনিক ১৫০০ লোকৰ ক’ৰ’নাৰ পৰীক্ষা কৰোৱাৰ লগতে ভেকচিন প্ৰদান কৰা বুলি জিলা প্ৰশাসনে সদৰি কৰিছে ।













