![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলঙ জিলাৰ নাবালিকা কিশোৰী চুমিলা ৰংহাঙপীৰ মৰিগাঁও জিলাৰ ৰহাত কালি অগ্নিদগ্ধ মৃতদেহ ৰহাৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ চৌহদত উদ্ধাৰ হোৱা ঘটনাই বিক্ষোভৰ জোৱাৰ তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত। আজি সন্ধিয়া প্ৰায় ৬.৩০ বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে সংগঠনটোৰ বোকাজানস্থিত জিলা কাৰ্যালয় প্ৰাংগণত নিহত কিশোৰীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি নাবালিকাগৰাকীক এনেদৰে নৃশংসভাবে জ্বলাই দি হত্যা কৰা ঘটনাৰ দোষীক ফাঁচী দিয়াৰ দাবী জনোৱাৰ লগতে চুমিলা ৰংহাংপীৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী জনায়।
লগতে, আইনৰ সুৰুঙাৰে যাতে অপৰাধী কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ প্ৰতি সচেষ্ট থাকিবলৈ সকলোকে আহ্বান জনায় সভাপতি ফুকনে।












