![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নগাওঁ জিলাপৃৰ ৰহা খাইগঁড়ত কালি প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰৰ পিছফালে ৰহস্যজনক অৱস্থাত বৰঠাকুৰৰ ঘৰত বনকৰা হিচাপে থকা চমিলা ৰংহাঙপী (১২) নাবালিকা গৰাকীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা ঘটনাই কিশোৰী গৰাকীৰ গৃহজিলা কাৰবি আঙলঙতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আজি বিয়লি ডিফুত কেএছএকে ধৰি জিলাখনৰ কেইবাটাও সংগঠনে এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি উক্ত ঘটনাক গৰিহণা দিয়ে ৷ কাৰবি ছাত্ৰ সন্থা ইউকেএ, ডব্লিউ জে এফ সংগঠন সমূহৰ নেতৃবৰ্গই কিশোৰী গৰাকীৰ মৃত্যুৰ বাবে ৰহাৰ খাইগঁৰৰ প্ৰকাশ বৰঠাকুৰ পৰিয়ালক জগৰীয়া কৰে ৷ কাৰণ মত কিশোৰীগৰাকী প্ৰকাশ বৰঠাকুৰৰ ঘৰত বনকৰা হিছাপে আছিল বুলি জানিব পৰা গৈছে ৷সংগঠন সমূহে এইলৈ আজি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ তিনিদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে ৷
স্মাৰক পত্ৰখনত সংগঠনসমূহে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে উক্ত ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত চলোৱা লগতে প্ৰয়াত কিশোৰী গৰাকীৰ পৰিয়াল বৰ্গলৈ ২০ লাখ টকাৰ ক্ষতিপূৰণৰ বাবে চৰকাৰক দাবী জনায় ৷ চৰকাৰে “বেটী বাচাও, বেটী পঢ়াও” বিজ্ঞাপনৰ নামত বহু কোটি টকা খৰছ কৰিও নাৰী নিৰ্যাতন বন্ধ কৰিব পৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে কেএছএৰ সভাপতি ছিমিয়ণ ৰংফাৰে ৷
আনহাতে এই ঘটনাৰ সন্দৰ্ভত অল আচাম কাৰ্বি ইউথ এচছিয়েচনৰ সাধাৰন সম্পাদক কমল ৰংহাং, অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্টছ এচছিয়েচনৰ অাচাম’ৰ সভাপতি সুনিল কুমাৰ টেৰণ, সদৌ অসম কাৰ্বি ছাত্ৰ সংন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ টেৰাং সহিতে ৰহাৰ বিভিন্ন দল সংগঠন অাৰু ৰাইজে ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্ত মূলক কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে।












