![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি জীয়ৰী চুমিলা ৰংহাঙপীৰ ৰহস্য জনক হত্যাকাণ্ডৰ বিৰুদ্ধে দুদিনধৰি উত্তাল আৰু প্ৰতিবাদমুখৰ হৈ পৰিছে পাৰ্বত্য ভূমি কাৰবি আংলং৷ মৰিগাওঁ জিলাৰ ৰহাত অলপতে এক ৰহস্যজনক পৰিস্থিতিত পশ্চিম কাৰবি আংলং জিলাৰ চুমিলা ৰংহাঙপী নামৰ ১২ বছৰীয়া কিশোৰীগৰাকীৰ দগ্ধ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি পাহাৰীয়া জিলা কাৰবি আংলঙত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ দোষীক শাস্তিৰ দাবীত আজিও জিলাখনৰ বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

আজি দিনৰ প্ৰায় ১১ বজাত ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মুখত সমবেত হৈ বিৰোধী ৰাজনৈতিক দল এপিএইছএলচি আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৰহাৰ নাৰকীয় কাণ্ডৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড, ফেষ্টুন আদিলৈ প্ৰতিবাদ সাব়্যস্থ কৰে ৷ আজি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত ১২টাকৈ জাতীয় সংগঠন ক্ৰমে, ডিমাছা ষ্টুডেণ্ট ইউনিয়ন, ৰেংমা নাগা ষ্টুডেণ্টচ ইউনিয়ন, ভোজপুৰী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, তিৱা কৰ্মচাৰী সন্থা, সদৌ অসম বেংগলী যুৱ আৰু ছাত্ৰ ফেডাৰেছন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, কাৰবি আংলং উইমেন জাষ্টিছ ফ’ৰাম, গাৰো ছাত্ৰ সন্থা আৰু কুকি ছাত্ৰ সন্থাই আয়োজন কৰা সংবাদ মেলত ৰহাৰ চুমিলা ৰংহাঙপীৰ ৰহস্যজনক মৃত্যুক পৰিকল্পিত হত্যা কাণ্ড হত্যা বুলি অভিযোগ কৰে ৷ আটাইকেইটা সংগঠনে উক্ত নাৰকীয় কাণ্ডৰ বাবে একেমুখে ধিক্কাৰ দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ সমান্তৰাকে বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰিবলৈ দাবী জনায় ৷ সংবাদমেলত উপস্থিত থকা সংগঠনৰ নেতৃবৰ্গই সুকীয়া সুকীয়া মন্তব্য ৰাখি নাৰকীয় কাণ্ডৰ বলি হোৱা চুমিলা ৰংহাঙপীৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ দাবী জনায় ৷
ইয়াৰোপৰি নেতৃবৰ্গই কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন হোৱা দীৰ্ঘ দিন অতিবাহিত হোৱাৰ পিছতো পাহাৰীয়া জিলা কাৰবি আংলঙত শিক্ষা ব্যৱস্থা সকলো পৰ্যায়ত স্পৰ্শ নকৰাৰ বাবে বৈয়ামৰ লোকে পঢ়া-শুনা কৰাবৰ নাবালিকা কাৰবি সন্তান সকলক লিখা পঢ়া কৰোৱাৰ অজুহাততলৈ গৈ বনকৰা হিছাপে ৰাখি নিৰ্যাতনৰ চলাই বুলি অভিযোগ কৰে ৷ জিলাখনৰ শিক্ষা খণ্ডৰ পুতৌ লগা অৱস্থাই একাংশ নাবালকক বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱা বুলিও মন্তব্য কৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “বেটী বাচাও বেটী পঢ়াও ” মন্ত্ৰ আজি কি হ’ল বুলিও প্ৰশ্ন কৰে একাংশ ছাত্ৰ নেতাই ৷ বিশিষ্ট ছাত্ৰ নেতা লাইচান ইংলেঙে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদক শিক্ষাৰ পোহৰ নপৰা কাৰবি আংলঙৰ স্থানসমূহত শিক্ষানুষ্ঠান গঢ়ি তুলি শিক্ষাৰ অধিকাৰ সু-নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷

আনহাতে আন এখন যুটীয়া সংবাদমেলত কাৰবি নিমচ’ চিংথুৰ আচং চমুকৈ কেএনচিএ আৰু কাৰবি ছাত্ৰ সন্থাই ৰহা কাণ্ডৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে নাৰী সুৰক্ষা আইন আৰু পকচ’ আইনৰ অধীনত দোষীৰ ওপৰত ক্ষীপ্ৰ বিচাৰ প্ৰক্ৰিয়াৰে উপযুক্ত শাস্তি বিহিবলৈ দাবী জনায় ৷ ইয়াৰোপৰি জিলা প্ৰেছ ক্লাৱ, বিভিন্ন দল-সংগঠনে প্ৰয়াত চুমিলা ৰংহাঙপীৰ আত্মাৰ সদ্গতিৰ বাবে ১ মিনিট সময় মৌনতা অৱলম্বন কৰে ৷ সন্ধিয়াৰ ভাগত প্ৰয়াত চুমিলা ৰংহাঙপীৰ স্মৃতি আৰু বিদেহী আত্মাৰ শান্তিৰ বাবে বিভিন্ন সংগঠনে ডিফুত বন্তি প্ৰজলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷ আনহাতে কাৰবি কালচাৰেল ছচাইটি চমুকৈ কেচিএছএও জিলা উপায়ুক্তৰ জৰিয়তে চুমিলা ৰংহাঙপীলৈ ন্যায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷












