![]()
ছাইদুল ইছলাম
ডিফু : মৰিগাওঁ জিলাৰ ৰহাত এগৰাকী জনজাতীয় কিশোৰীক অতি নৃশংসভাবে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অসমজুৰি সৃষ্টি কৰা তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলাতো অন্য এক নাবালিকা ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এগৰাকী মাত্ৰ বাৰ বছৰীয়া ফুল কুমলীয়া কিশোৰী এজন বৃদ্ধৰ পৈশাচিক কামনাৰ বলি হোৱাৰ দৰে সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ পাৰখোৱাত। পৰহি নিশাই এই জঘন্য ঘটনা সংঘটিত হয় যদিও কালিহে এই ঘটনাৰ সবিশেষ পোহৰলৈ আহে। ঘটনাৰ বিৱৰণী অনুসৰি, হাওৰাঘাট অককেৰেং এৰাদীঘলপানী গাঁৱৰ মতিলাল ক্ৰ’ (৫৪) নামৰ লোকজনে পাৰখোৱা বজাৰত সৰু সুৰা হোটেলৰ ব্যৱসায় কৰি আহিছিল। সেই সূত্ৰে বিগত কিছুদিন ধৰি নিজ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে লাগি থকা এটা সৰু কোঠালীত মতিলাল ক্ৰ’ই নিয়মীয়াকৈ বসবাস কৰিবলৈ ধৰে। অত্যন্ত নীচ, লম্পট চৰিত্ৰৰ এই মতিলাল ক্ৰ’ নামৰ বয়স্ক লোকজনেই পৰহি নিশা নিজ আবাসৰ গাতে লাগি থকা এঘৰ লোকৰ এগৰাকী বাৰ বছৰীয়া কিশোৰীক কৌশলেৰে নিজ কোঠালৈ মাতি আনি শ্লীলতা হানি কৰাৰ দৰে এক জঘন্য কাণ্ড সংঘটিত কৰে।
ঘটনাৰ বিৱৰণ অনুসৰি, উক্ত পাশৱিক ঘটনাৰ বলি হোৱা কিশোৰীগৰাকীয়ে যোৱা শনিবাৰে নিশা প্ৰায় আঠ বজাত মাক ঘৰুৱা কামত ব্যস্ত থকাৰ বাবে নিজ কণমানি ভাতৃক বাহিৰত ফুৰাবলৈ আনে। এনে অৱস্থাতে কোনো কাৰণ দেখুৱাই লম্পট মতিলালে কিশোৰীগৰাকীক নিজ কোঠালৈ কৌশলেৰে মাতি নি কোঠাত আবদ্ধ কৰি দীৰ্ঘসময় ধৰি যৌন নিৰ্যাতন চলায়। নাবালিকাগৰাকীৰ ভাতৃ বাহিৰৰ পৰা ঘৰত সোমোৱাৰ পিছত কিশোৰীগৰাকীক নেদেখি পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহয়।
ইফালে, কিশোৰীগৰাকীক পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাৰ কথা জানিব পাৰি কোঠাৰ লাইট নুমুৱাই ৰাখি ভণ্ড মতিলালে কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন অব্যাহত ৰাখে। অৱশেষত প্ৰায় দুঘণ্টাৰ পিছত কিশোৰীগৰাকীক মতিলালে কোঠাৰ পিছফালৰ দুৱাৰেৰে নিজ ঘৰলৈ পঠাই দিয়ে। কিশোৰীগৰাকীৰ ওপৰত আতিশয্য চলোৱা মতিলালে আনকি এই কথা কাকো নকবলৈ কিশোৰীগৰাকীক ভাবুকি প্ৰদান কৰাৰ লগতে পঞ্চাশ টকাও প্ৰদান কৰা বুলি জানিব পৰা গৈছে। উক্ত নিশা নাবালিকাগৰাকীৰ মাতৃয়ে কিশোৰীগৰাকীক এই বিষয়ে সোধ-পোছ কৰে যদিও আতংগ্ৰস্ত কিশোৰীগৰাকীয়ে এই সম্পৰ্কে কোনো কথা প্ৰকাশৰ পৰা বিৰত থাকে। কালি পুৱাও কিশোৰীগৰাকীৰ মাতৃয়ে পুনৰ কিশোৰীগৰাকীক এই বিষয়ে প্ৰশ্ন কৰাত অৱশেষত নাবালিকাগৰাকীয়ে নিজ মাতৃক ঘটনাৰ সবিশেষ প্ৰকাশ কৰে। নাবালিকাগৰাকীৰ মাতৃয়ে লগে লগে চুবুৰীয়া অন্য মহিলাক এই বিষয়ে অৱগত কৰাত পাৰখোৱাৰ একাংশ স্থানীয় মহিলাই লগে লগে আহি মতিলাল ক্ৰ’ক এই বিষয়ে প্ৰশ্ন কৰাত প্ৰথমে অস্বীকাৰ কৰে যদিও পিছত দুশ্চৰিত্ৰপৰায়ণ মতিলালে মহিলাসকলৰ আগত অভিযোগৰ সত্যতা স্বীকাৰ কৰিবলৈ বাধ্য হয়। কালি সন্ধিয়া কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডকমকা থানাত পকছো আইনৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি নিশাই অভিযুক্ত মতিলাল ক্ৰ’ক গ্ৰেপ্তাৰ কৰি আজি আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, সাংবাদিকৰ আগতো আজি অতি নিৰ্লজভাৱে নাবালিকাগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰে অভিযুক্ত মতিলাল ক্ৰ’ৱে। পাৰখোৱাৰ স্থানীয় মহিলাসকলে নিজ পো-বোৱাৰী, নাতি-নাতিনী থকা মতিলাল ক্ৰ’ৰ দৰে সমাজৰ কলংক তথা লম্পট চৰিত্ৰৰ ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে।













