![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰহাৰ খাইগড়ত চুমিলা ৰংহাংপী নামৰ কিশোৰীগৰাকী এক লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে কাৰ্বি আংলং জিলাৰ ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা চমুকৈ উছুকাই । গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক এখনি স্মাৰক-পত্ৰ প্ৰদান কৰে ।
’উছুকা’ৰ সভাপতি-সম্পাদক ক্ৰমে বিবিচন টেৰণ আৰু জিন্টু হাজৰিকা স্বাক্ষৰিত এক স্মাৰক-পত্ৰ যোগে সংগঠনটোৱে চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।













