ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চুমিলা ৰংহাঙপীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলকলৈ দল-সংগঠনৰ মুকলি অসন্তুষ্টি

চিবিআই তদন্তৰ দাবী দল-সংগঠনৰ

News Desk by News Desk
April 28, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : কাৰবি জীয়ৰী চুমিলা ৰংহাঙপীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফুলক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক নতুন বিতৰ্ক ৷ চুমিলা ৰংহাঙপীৰ পৰিয়ালৰ হাতত চুমিলাৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল নপৰাৰ পূৰ্বেই আৰক্ষীয়ে লাভ কৰা ফলাফলকলৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰিছে জিলাখনৰ দল-সংগঠনসমূহে ৷ উল্লেখযোগ্য যে ৰহাত সংগঠিত কাৰবি জীয়ৰী চুমিলা ৰংহাঙপীৰ অমানুষিক আৰু বৰ্বৰ হত্যাকাণ্ডৰ হত্যাকাৰীক কঠোৰতম শাস্তি বিহাৰ দাবীত উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জিলাখনৰ দল-সংগঠনে প্ৰকাশ কৰা এনে স্থিতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

উল্লেখযোগ্য যে, আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত কাৰবি ছাত্ৰ সন্থা, কেএছৱাইচি, কেএফএ, কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএ আদি সংগঠনৰ নেতৃবৰ্গই এক সংবাদমেল সম্বোধন কৰি কয় যে, নগাওঁ আৰক্ষীৰ তৰফৰ পৰা চুমিলাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণৰ বাবে চুমিলাৰ পৰিয়ালক মাতি পঠিওৱা হৈছিল ৷ সেই অনুসৰি পৰিয়ালৰ লোকসহ কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিসহ নগাঁৱত উপস্থিত হয় যদিও কালি প্ৰায় দহ ঘণ্টা অপেক্ষা কৰাৰ পিছতো পৰিয়ালটোৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিবলৈ সক্ষম নহ’ল ৷

ইয়াৰ বিপৰীতে আজি পুৱাৰ বাতৰি কাকতত নগাওঁ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমত দিয়া মন্তব্যত চুমিলা ৰংহাঙপী সন্তান সম্ভৱা নাছিল বুলি কৰা মন্তব্যত দল-সংগঠনসমূহে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰে ক্ষোভ উজাৰে ৷ বিশেষকৈ চুমিলাৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ নকৰাকৈ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কিদৰে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ’ল বুলি উল্লেখ কৰি এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকলৈ জিলাখনৰ দল-সংগঠনসমূহ মুঠেই সন্তুষ্ট নহয় বুলি কয় ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হ’লে ৰাইজে নিজেই হাতত আইন তুলি লবলৈ বাধ্য হ’ব বুলি কোৱাৰ লগতে এনে পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সচেষ্ট থকাৰ বাবে আৰক্ষীক আহ্বান জনায় ৷ একেটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰিলে অথচ পৰিয়ালে লাভ কৰিব নোৱাৰে কিয় বুলি সংবাদমেলত সংগঠনসমূহে প্ৰশ্ন উত্থাপন কৰে ৷ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত মুকলি অসন্তুষ্ঠি প্ৰকাশ কৰি সংগঠনসমূহে এই সন্দৰ্ভত চিবিআই তদন্ত দাবী কৰে ৷

আনহাতে ঘটনাৰ তদন্তকলৈ এজনীয়া তদন্ত সমিতিৰ সিদ্ধান্তক আদৰণি জনায় যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা কাৰ্যতো সংগঠনৰ নেতৃবৰ্গই অসন্তুষ্টি প্ৰকাশ কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx