![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি বোকাজানত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বালিভৰ্তি ট্ৰাক আৰু তেল পৰিবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় শোকাৱহ পথ দূৰ্ঘটনাটো ৷ উক্ত দুৰ্ঘটনাৰ ফলত জীৱন্তে অগ্নিদগ্ধ তেল টেংকাৰৰ চালক ৷
ডিমাপুৰ দিশৰ পৰা অহা তীব্ৰ বেগী তেল পৰিবাহী ট্ৰাক বিপৰীত দিশৰ পৰা অহা বালিভৰ্তি ট্ৰাকক খুন্দিয়াৰ ফলত সংঘটিত দুৰ্ঘটনাটোৰ ফলত জীৱন্তে জ্বলি ছাঁই হৈ টেংকাৰৰ চালক ৷ টেংকাৰ চালক নাম জানিব পৰা হোৱা নাই ৷












