![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী এলেকা ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ এজন লিংকমেন আৰু এজন ডিএনএলএ কেডাৰক আটক কৰা ঘটনাত এলেকাটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ডিমাপুৰস্থিত অসম ৰাইফলছে সহস্ৰ উগ্ৰপন্থী ডিএনএলএৰ লেফটেনেন্ট গ্ৰিকচন হোজাই ওৰফে এলবিন ওৰফে চলগৌৰি (২৬)ক আটক কৰি ডিমাপুৰ ইষ্ট থানাৰ হাতত চমজাই দিয়ে ৷ উক্ত কেডাৰৰ ধনশিৰিস্থিত ধ্ৰুৱজ্যোতি মাইবংচা (৩৬) ওৰফে ফুলচান্দৰ সৈতে থকা সঘনাই যোগাযোগ থকাৰ কথা আৰক্ষীয়ে জানিব পাৰি ডিমাপুৰ আৰক্ষীৰ পৰা গ্ৰীকচন ওৰফে এলবিন ওৰফে চলগৌৰিক নিজৰ জিম্মালৈ আনি ডিফু ন্যায়িক আদালতৰ পৰা ৩ দিনৰ বাবে ৰিমাণ্ডত আনে ৷
গ্ৰীকচনৰ স্বীকাৰোক্তিৰ ভিত্তিত ধনশিৰিআৰক্ষীয়ে ডিফু থানা গোচৰ নং, ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০ (খ)/৩২৬/৩০২ আৰু আৰ ডব্লিউ ধাৰা ২৭ অস্ত্ৰ আইনৰ অধীনত বৃহস্পতিবাৰে প্ৰাতঃপুৱাতেই ধ্ৰুৱজ্যোতি মাইবংচা ওৰফে ফুলচান্দ( ৩৬)ক নিজ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ধ্ৰুৱজ্যোতি মাইবংচা ওৰফে ফুলচান্দৰ কৱলৰ পৰা এটা খাজা বন্দুক আৰু এটা কাৰ্টুছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত গিৰিকচন ওৰফে এলবিনওৰফে চলগৌৰি আৰু ধ্ৰুৱজ্যোতি ওৰফে ফুলচান্দ যোৱা ২৭ জানুৱাৰীত ধনশিৰি বিচুডিমা উৎসৱস্থলীত সংঘটিত হোৱা অমিত নুনিছা আৰু এগৰাকী মহিলাৰ হত্যাকাণ্ডত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আজি দুয়োকে ধনশিৰি আৰক্ষীয়ে ডিফু ন্যায়িক আদালতত হাজিৰ কৰে ৷













