![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ বকলীয়াঘাটৰ যমুনা নৈত আজি এজন যুৱকৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি নিহত যুৱকজন হোজাই জিলাৰ লংকা ফৰেষ্ট গেটৰ গুডু দাস (২২) বুলি জানিব পৰা গৈছে ৷
জানিব পৰা অনুসৰি বকলীয়াঘাটৰ মজহাৰ বস্তিত থকা এজন বন্ধুৰ ভনীয়েকৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা যুৱকজনে আন দুজন বন্ধুৰ সৈতে যমুনা নৈত গা ধুবলৈ অহাৰ সময়তে যুৱকজনে নৈৰ পানীত ডুবগৈ মৃত্যু মুখত পৰে ৷ ঘটনা সংঘটিত হোৱাৰ পিছত বকলীয়াঘাট থানাৰ আৰক্ষীৰ এটা দল মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে৷













