![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অতি অমানৱীয় আৰু বৰ্বৰতাৰে ৰহাত হত্যা কৰা কাৰবি জীয়ৰী চুমিলা ৰংহাঙপীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত পাহাৰীয়া জিলা কাৰবি আংলঙত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷ কালি বিয়লি ফুলনিত কাৰবি আংলং জিলা সমিতিয়ে প্ৰয়াত চুমিলা ৰংহাঙপীৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে ফুলনি বজাৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চুমিলা ৰংহাঙপীৰ প্ৰতিচ্ছবি সম্বলিত প্লে’ কাৰ্ড হাতে হাতে লৈ ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷
প্ৰতিবাদকাৰীসকলে, “উই ৱাণ্ট জাষ্টিছ, চুমিলা ৰংহাঙপীৰ হত্যাকাৰীক ফাঁচী দিয়ক, ন’ জাষ্টিছ ন’ ৰেষ্ট, আমাক ন্যায় লাগিবই আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ একাংশ প্ৰতিবাদকাৰীক অৰ্দ্ধ উলংগ দেহত বিভিন্ন প্ৰতিবাদী শ্ল’গান অংকন কৰি অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰা পৰিলক্ষিত হয় ৷












