![]()
নিউজ ডেস্কঃ
কোভিড ৰোগীসকল কেৱল মাৰণ ভাইৰাছতেই মৃত্যু হোৱা নাই। হস্পিটেল বা আইছলেচন চেণ্টাৰত জুই লাগি, অক্সিজেনৰ অভাৱতো বহু ৰোগীৰ মৃত্যু হৈছে। গুজৰাট, মহাৰাষ্ট্রত কোভিড হস্পিটেলত জুই লাগিছে। দিল্লীৰ হস্পিটেলত অক্সিজেনৰ অভাৱত মৃত্যু হৈছে ২২ জন ৰোগী। এইবাত কর্নাটকৰ এখন চৰকাৰী হস্পিটেলত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৪ জনৰ। অভিযোগ, অক্সিজেনৰ অভাৱতেই এই কাণ্ড।
কর্নাটকৰ চামাৰাজানগৰৰ এই ঘটনা। চামাৰাজানগৰৰ উপায়ুক্ত ডঃ এম আৰ ৰবিয়ে জনাইছে, অক্সিজেনৰ অভাৱতেই এই মৃত্যু হৈছে নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে মৃতকৰ পৰিয়ালে এয়া মানি ল’ব খোজা নাই।











