![]()
নিউজ ডেস্কঃ
অক্সিজেনৰ অভাৱত শনিবাৰে দিল্লীত মৃত্যু হৈছিল ১২ জনৰ। আৰু ২৫ জনৰ মৃত্যু হৈছিল যোৱা সপ্তাহত। ছুপ্রিম কোর্টে এইবাৰ নির্দেশ দিলে ৩ মে’ৰ মাজনিশাৰ ভিতৰত ৰাজধানীৰ অক্সিজেন যোগান যথাযথ কৰিব লাগিব। এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ সৈতে কেন্দ্ৰক সমন্বয় ৰাখি কাম কৰাৰ নির্দেশ দিছে আদালতে। ছুপ্রিম কোর্টৰ তিনিগৰাকী ন্যায়াধীশ ডিৱাই চন্দ্রচূড়, এলএন ৰাও আৰু এছ ৰবীন্দ্র ভাটে ৬৪ পৃষ্ঠাৰ নিৰ্দেশাৱলীত অক্সিজেন যোগানৰ বিষয়টি শুধৰাই ল’বলৈ কৈছে।











