![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় প্রতিৰক্ষা মন্ত্ৰালয়ে সশস্ত্র বাহিনীক কোভিড মোকাবিলাৰ বাবে স্বাধীনভাবে ধন খৰচৰ অনুমোদন দিছিল। জনাইছিল, তেওঁলোকে বিচাৰিলে কোভিড চিকিৎসা কেন্দ্র নিৰ্মাণ কৰিব পাৰিব। এইবাৰ কোভিড চিকিৎসাত সশস্ত্র বাহিনীৰ সাহায্য বিচাৰিলে দিল্লীৰ কেজৰিৱাল চৰকাৰে। উক্ত বিষয়ত কেন্দ্ৰৰ মতামত জানিব বিচাৰিছে দিল্লী হাইকোর্টে।
শনিবাৰে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে পত্ৰ লিখে দিল্লীৰ উপ-মুখ্যমন্ত্রী মণীষ চিছোদিয়াই। তাত তেওঁ দিল্লীত কোভিড হস্পিটেল আৰু আইচিইউ নিৰ্মাণৰ বাবে সেনাৰ সাহায্য বিচাৰিছে।











