ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংহিনৰ স্বৰগাঠী খেলপথাৰৰ কাষত থকা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মঙ্গলবাৰে ৰাতিপুৱা প্ৰায় ১০ বজাত সংগঠিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । উল্লেখযোগ্য যে হোজাই জিলাৰ ডবকাৰ পৰা পৰা AS-02 CC 2337 নম্বৰৰ শাক-পাচলি ভৰ্তি মেজিক বাহনখন তীব্ৰ গতিৰে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ মঙ্গলবৰীয়া সাপ্তাহিক বজাৰৰ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা NL-01 L 7670 নম্বৰৰ বাৰচকীয়া ট্ৰাক এখনৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংগঠিত হয়। দুৰ্ঘটনাটোত মেজিকখনৰ আৰোহী ২৭ বছৰীয়া নজৰুদ্দীন আহমেদৰ থিতাতে নিহত হয়। লগতে আন দুজন আৰোহীও গুৰুতৰভাৱে আহত হয়।
ইয়াৰে দুলাল হুছেইনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ডকমকা চৰকাৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। অন্যহাতে মেজিকখনৰ চালকজনে সামান্য পৰিমানে আঘাত পায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মেজিক বাহনখন ঘুৰি আহি ট্ৰাকখনৰ কাষতে একে দিশতে ৰয়হি । দুৰ্ঘটনাটো সংগঠিত হোৱাৰ কিছু সময়ৰ পিছতে ডকমকা আৰক্ষী থানাৰ আৰক্ষী আহি ঘটনাৰ বুজ লয়।