![]()
নিউজ ডেস্কঃ
‘আমি আৰু ভবা নাই যে স্বামী–স্ত্রী হিচাবে আমি আৰু অধিক আগুৱাই যাব পাৰিম।’ ছচিয়েল মিডিয়াত এই কথা জনালে বিল গেটছ আৰু মেলিণ্ডা গেটছে। অৰ্থাৎ এক কথাত ক’বলৈ গ’লে বিবাহ বিচ্ছেদ হ’ল বিল-মেলিণ্ডা গেটছৰ। ২৭ বছৰীয়া দাম্পত্য জীৱনত ইতি টানিলে বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ দুই কর্ণধাৰে।
অৱশ্যে লগতে এই কথাও জনাইছে, এই ফাউণ্ডেচনৰ হৈ দুয়োজনেই কাম চলাই যাব। ২০০০ চনত বিল গেটছে প্রতিষ্ঠা কৰিছিল এই সংগঠন। মহামাৰীৰ বিৰুদ্ধে দুখীয়া মানুহক যুঁজিবলৈ সহায় কৰে এই সংগঠনে। শিশুসকলৰ টীকাকৰণৰ ব্যৱস্থা কৰে। তেওঁলোকৰ অভিভাৱকসকলক সচেতন কৰে।
ফোর্বছৰ পৰিসংখ্যা মতে, বিশ্বত বৰ্তমান ধনীৰ তালিকাত চাৰি নম্বৰত আছে বিল গেটছ। মাইক্রোছফটৰ প্রতিষ্ঠাতা তেওঁ। যোৱা শতিকাৰ সত্তৰৰ দশকত এই কোম্পানীটো প্রতিষ্ঠা কৰে গেটছে। নিজৰ কোম্পানী মাইক্রোছফটতেই মেলিণ্ডাৰ সৈতে সাক্ষাৎ হৈছিল বিল গেটছৰ। সময় তেতিয়া ১৯৮৭ চন। কোম্পানীটোত প্রডাক্ট মেনেজাৰ হৈ যোগ দিয়ে মেলিণ্ডাই। তাৰ পিছৰ পৰাই সম্পর্কৰ আৰম্ভণি। অৱশেষত ১৯৯৪ চনত হাৱাই দ্বীপপুঞ্জত বিয়াত বহে দুয়ো।











