![]()
নিউজ ডেস্কঃ
বিভিন্ন ব্যক্তিৰ বিৰুদ্ধে নানা বিতর্কিত মন্তব্যৰ পিছত এইবাৰ কংগনাৰ লক্ষ্য আছিল পশ্চিমবঙ্গৰ হ’বলগীয়া মুখ্যমন্ত্রী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীক তুলনা কৰিলে ‘দানবী’, ‘ৰাৱণ’ৰ সৈতে। যাৰ ফলত স্থায়ীভাবে তেওঁৰ টুইটাৰ একাউন্ট বন্ধ কৰিলে টুইটাৰ সংস্থাই।
তথাপি তেওঁ যেন টিঙৰ পৰা নামিব বিচৰা নাই। এই টুইটাৰ একাউন্ট বন্ধ কৰাক লৈ ওলোটাই আঙুলি তুলিলে ছচিয়েল মিডিয়া ছাইটটিৰ দিশেই। দাবী কৰিলে, এইবোৰ আচলতে ‘বর্ণবৈষম্য’। তেওঁ কয়, অন্য মঞ্চত প্রতিবাদ চলাই যাব তেওঁ। টুইটাৰে অৱশ্যে স্পষ্টকৈ কৈছে, তেওঁলোকৰ নিয়মবিধি উলঙ্ঘনৰ বাবেই এই সিদ্ধান্ত।











