নিউজ ডেস্কঃ
বিচিচিআইৰ বিৰুদ্ধে ১০০০ কোটি টকাৰ জনস্বার্থ জড়িত গোচৰ ৰুজু৷ বম্বে হাইকোর্টত এই গোচৰ ৰুজু কৰিলে অধিবক্তা বন্দনা শ্বাহে। সমগ্ৰ দেশজুৰি চলা কৰোনা ভাইৰাছৰ সংহাৰৰ পিছতো বিচিচিআইৰ বিষয়াসকলে অহংকাৰী মানসিকতাৰে নিজৰ সুবিধাৰ বাবে আইপিএল চলাই যোৱাৰ অভিযোগত উক্ত গোচৰ ৰুজু কৰা হৈছে। গোচৰটোত লগতে উল্লেখ কৰা হৈছে, বিচিচিআইয়ে ১০০০ কোটি টকা কোভিড আক্রান্তসকলৰ অক্সিজেন আৰু ঔষধৰ বাবে ব্যয় কৰি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিব লাগিব।
অধিবক্তা বন্দনা শ্বাহে আদালতত ক্ষোভ ব্যক্ত কৰি কয়, “দেশৰ অনান্য ৰাজ্যৰ দৰে মুম্বাই আৰু মহাৰাষ্ট্রৰ কৰোনা পৰিস্থিতি যথেষ্ট উদ্বেগজনক। তথাপিও ইয়াৰ মানুহৰ আবেগ বুজিবলৈ চেষ্টা নকৰি বাকী মেচবোৰ আয়োজন কৰিব বিচাৰিছিল। ইয়াতেই বুজা যায় তেওঁলোক সকলোৱে চকু-কাণ বন্ধ কৰি ৰখা অহংকাৰী মানুহ। ক্রিকেট ময়ো পছন্দ কৰো। কিন্তু দেশত অগণিত মানুহৰ মৃত্যু হ’লে ক্রিকেট খেলিব বা চাব পৰা অৱস্থা নাথাকে।”