![]()
ছাইদুল ইছলাম
ডিফু : পশ্চিমবংগত বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই ৰাজ্যখনৰ বিজেপি কর্মীসকলৰ ওপৰত সন্দেহযুক্ত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে চলোৱা আতিশয্যৰ বিৰুদ্ধে আজি কার্বি আংলং জিলাৰ হাওৰাঘাটত বিজেপি দলৰ কৰ্মীসকলে প্রতিবাদ সাব্যস্থ কৰাৰ লগতে এই সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰপতিলৈও এখনি স্মাৰক-পত্র প্রেৰণ কৰে। হাওৰাঘাট মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি দলটোৰ নেতা-কৰ্মীসকলে অৱস্থান ধৰ্মঘট পালন কৰি পশ্চিমবংগৰ বিজেপি কর্মীসকলৰ ওপৰত চলা আতিশয্যৰ ঘটনাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্থ কৰে ৷ প্রতিবাদকাৰীসলে লগতে ৰাষ্ট্রপতিলৈ এখনি পত্র প্রেৰণ কৰে।
হাওৰাঘাট মণ্ডল বিজেপিৰ সভাপতি-সম্পাদক স্বাক্ষৰিত স্মাৰক-পত্ৰখনত পশ্চিমবংগৰ শেহতীয়া হিংসাত্মক ঘটনাৰ প্ৰসংগ উল্লেখ কৰি এইক্ষেত্ৰত পশ্চিমবংগ আৰক্ষীৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন কৰে। লগতে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্রযোগে দাবী জনোৱা হয়। প্রতিবাদকাৰী বিজেপি কর্মীসকলে লগতে আজি ‘মমতা বেনাৰ্জী গ’ বেক’, টি এম চি গ’ বেক, ন’ জাষ্টিছ ন’ৰেষ্ট, টি এন চি হুচিয়াৰ’, টি এম চি হায় হায়’ আদি শ্লগান সম্বলিত প্লে-কার্ড প্রদর্শন কৰিও প্রতিবাদ সাব্যস্ত কৰে।













