ছাইদুল ইছলাম
ডিফু : ছুটীলৈ আহি নিজ কন্যাৰ বান্ধৱীকে এজন চিআৰপিএফ জোৱানে ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বোকাজানত ৷ উক্ত ধৰ্ষণৰ অভিযোগ কাণ্ডই জোকাৰি গৈছে কাৰ্বি আংলঙৰ বোকাজানত। বোকাজানৰ দিলাওজান অঞ্চলৰ বুধিয়া গাৱঁত সংঘটিত হৈছে এক জঘন্য ঘটনা। শনিবাৰে ইলিয়াড বাণ্ডা নামৰ CRPF জোৱানজনে ফুৰাবলৈ লৈ গৈছিল নিজৰ জীয়েকৰ লগতে চাৰিগৰাকীকৈ ছোৱালী। ঘূৰি আহোতে বাকী কেইজনীক ছোৱালীক থৈ ইলিয়াড বাণ্ডা নামৰ লম্পতটোৱে সংঘটিত কৰিছিল জঘন্য ঘটনা। ইলিয়াড বাণ্ডা অৰুণাচলত CRPF যোৱান হিচাপে কৰ্মৰত। নিজৰ জীয়েকৰ বান্ধৱীৰ লগত ঘটা নিৰ্লজ্জ ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইতিমধ্যে বোকাজান আৰক্ষী থানাত 76/2021 নম্বৰত এক গোচৰ ৰুজু হৈছে। বৰ্তমান বোকাজান আৰক্ষী জিন্মাত ইলিয়াড বাণ্ডা।