![]()
নিউজ ডেস্কঃ
দেশত দৈনিক আক্রান্ত চাৰে তিনি লাখৰো বেছি। সক্রিয় ৰোগীৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাইছে। তাৰ ফলত প্ৰভাৱ পৰিছে চিকিৎসা আন্তঃগাঁথনিৰ ওপৰত। বহু কোভিড ৰোগীৰ যথা সময়ত চিকিৎসা নোপোৱাত মৃত্যু হৈছে। অক্সিজেন, বিছনাৰ বাবে হাহাকাৰ অৱস্থা। এই পৰিস্থিতিত আগবাঢ়ি আহিল দিল্লীৰ শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা সমিতি। ৰাকাবগঞ্জ সাহিব গুৰুদ্বাৰত খোলা হ’ল কোভিড চিকিৎসা কেন্দ্র।
এই গুৰুদ্বাৰৰ লাখি শ্বাহহ বানজাৰা হলত কোভিড ৰোগীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। নাম দিয়া হৈছে শ্রী টেগ বাহাদুৰ কোভিড কেয়াৰ চেণ্টাৰ। ২৫০খন বিছনা আছে তাত। অৱশ্যে প্রথম পৰ্যায়ত ৫ মে’ৰ পৰা ১০০খন বিছনা সাজু কৰা হৈছে।
ইয়াৰ পিছত লাহে লাহে ৫০০খন বিছনাৰ ব্যৱস্থা কৰিব বিচাৰিছে সমিতিখনে। কেন্দ্রটোৰ প্রত্যেক বিছনাৰ সৈতে অক্সিজেন দিয়াৰ ব্যৱস্থা আছে। তাৰ বাবে অক্সিজেন চিলিণ্ডাৰ যোগাৰ কৰিছে সমিতিৰ সদস্যসকলে। ৰোগীসকলৰ অক্সিজেনৰ মাত্রা ৮০-৯০ থাকিলে তাত ভর্তি হ’ব পাৰিব। সংকটজনক ৰোগীক অৱশ্যে ভর্তি কৰিবা নোৱাৰিব।
ইতিমধ্যে এই কোভিড কেন্দ্রত চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে বহু স্বেচ্ছাসেৱী চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী। চিকিৎসা বা অক্সিজেনৰ বাবে ৰোগীসকলে ধন দিব নালাগে। আনকি ৰোগীসকলক বিনামূল্যে পুষ্টিকৰ খাদ্যও যোগান ধৰা হ’ব। কেৱল ৰোগীয়ে নহয়, কৰোনাৰ কাৰণে কাম হেৰুওৱা দুঃস্ব, প্ৰব্ৰজিত শ্রমিকসকলেও দুবেলা দুমুঠি পেট ভৰাই খুৱাইছে এই গুৰুদ্বাৰ সমিতিয়ে।











