![]()
নিউজ ডেস্কঃ
পশ্চিমবংগত মমতা বেনাৰ্জীৰ বিজয় ধ্বজা উৰুওৱাৰ পিছত কর্মচাৰীসকলক বেতনসহ এমাহৰ ছুটি দিলে প্রশান্ত কিশোৰ (পিকে)ৰ কোম্পানী আইপেকে। যোৱা দুবছৰ বিৰামহীনভাৱে যিসকল কর্মচাৰীয়ে অক্লান্ত পৰিশ্রম কৰি তৃণমূলক এই সাফল্য আনি দিছে, তেওঁলোকক এই ছুটি ‘উপহাৰ’ দিছে ‘পিকে ছাৰে’।
উল্লেখ্য, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তৃণমূলৰ শোচনীয় প্ৰদৰ্শনৰ পিছত অভিষেক বেনাৰ্জীৰ উদ্যোগতেই মমতাই তৃণমূলৰ পৰামর্শদাতা হিচাবে নিয়োগ কৰে পিকেক। তাৰ পিছতেই যোৱা ২৯ জুলাইত নজৰুল মঞ্চত ‘দিদিকে বলো’ কাৰ্যসূচীৰে নিজৰ ‘কৌশল’ দেখুৱাবলৈ আৰম্ভ কৰে প্রশান্ত কিশোৰে। উক্ত কাৰ্যসূচীত এটি হেল্পলাইন নম্বৰ মুকলি কৰি ৰাজ্যবাসীৰ সমস্যাৰ সমাধান কৰি মুখ্যমন্ত্রীৰ ভাবমূর্তি উদ্ধাৰত নামে আইপেক। লগতে বিধাননগৰ আৰু কলকাতাৰ কেমাক ষ্ট্ৰিটত দুটি পৃথক অফিচ খুলি সমগ্ৰ ৰাজ্যত আইপেকৰ কর্মচাৰীসকলক বিয়পাই দিয়ে সাধাৰণ মানুহৰ ক্ষোভ-বিক্ষোভৰ কথা জানিবলৈ আৰু সাংগঠনিক ত্রুটি-বিচ্যুতি শুধৰোৱাৰ কাম আৰম্ভ কৰে।
২০২০ৰ মার্চত আৰম্ভ হয় ‘বংগৰ গর্ব মমতা’ কাৰ্যসূচী। কিন্তু কৰোনা সংক্রমণৰ ফলত লকডাউনত বাধা আহি পৰে প্রশান্তৰ ‘মিছন নবান্ন’ত। কিন্তু তাতো হতাশ ন’হৈ কর্মচাৰীসকলক অতি দুৰ্গম গ্রামীণ এলেকালৈ পঠিয়াই কাম চলাই যায় তেওঁ। সর্বশেষত বিধানসভা নির্বাচনৰ ঠিক আগতে ‘বংগই নিজৰ জীয়ৰীকেই বিচাৰে’ শ্লোগান সৃষ্টি হয় আইপেকৰ উদ্যোগত। ফলাফলৰ পিছত দেখা যায়, পিকেৰ কোম্পানীৰ শ্লোগানে মসৃণভাৱে কাম কৰে। দুবছৰ ধৰি চলা এই বিশাল কামকাজত জড়িত আছিল আইপেকৰ প্রায় ৫ শতাধিক কর্মচাৰী। কর্মচাৰীসকলৰ এই পৰিশ্রমৰ উপহাৰ হিচাবেই সকলোকে এমাহৰ বেতনসহ ছুটি দিয়ে আইপেক কর্তৃপক্ষই।











