![]()
নিউজ ডেস্কঃ
লক্ষ্ণৌৰ এটা অক্সিজেন ৰিফিলিং কাৰখানাত বিস্ফোৰণৰ ফলত মৃত্যু হ’ল দুজনৰ। আহত হৈছে আৰু ৬ জন। সূত্রৰ খবৰ মতে, উত্তৰ প্রদেশৰ ৰাজধানীৰ চিনহাট এলেকাৰ কাৰখানাটোত চিলিণ্ডাৰত অক্সিজেন ভৰাই থকাৰ সময়তেই কেনেবাকৈ দুর্ঘটনাটো ঘটে। ঘটনাস্থলীত লগে লগে উপস্থিত হয় আৰক্ষী আৰু মেডিকেল দল।
দুৰ্ঘটনাটোত মৃতকৰ পৰিয়াললৈ সমবেদনা জনাইছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে। শীর্ষ বিষয়াসকলক তুৰন্তে ঘটনাস্থলীত উপস্থিত হোৱাৰ নির্দেশ দিছে তেওঁ। কেনেদৰে বিস্ফোৰণ সংঘটিত হ’ল সেয়া তদন্ত কৰাৰ নির্দেশ দিয়া হৈছে।











