![]()
নিউজ ডেস্কঃ
কোভিড পৰস্থিতি মোকাবিলাৰ বাবে আগবাঢ়ি আহিল ডিফেন্স ৰিছার্চ ডেভেলপমেন্ট অর্গেনাইজেচন (ডিআৰডিও)। দিল্লীৰ ২খন হস্পিটেলত স্থাপন কৰিলে অক্সিজেন প্লেন্ট।
সম্প্ৰতি দিল্লীৰ এইমছ আৰু চফদৰজং হস্পিটেলত উক্ত অক্সিজেন প্লেন্ট স্থাপন কৰা হৈছে। চলিত সপ্তাহতেই দিল্লীত আৰু ৫টা প্লেন্ট বহিব। প্রতি মিনিটত ১ হাজাৰ লিটাৰ মেডিকেল অক্সিজেন উৎপাদন কৰিব পাৰিব ইয়াত। তাৰে প্ৰতিদিনে ১৯৫ জন ৰোগীক সেৱা আগবঢ়োৱা সম্ভৱ হ’ব। এই প্লেন্টবোৰত উৎপাদিত অক্সিজেনেৰে ১৯৫টা অক্সিজেন চিলিণ্ডাৰ দিনে ১৫০ বাৰ ভর্তি কৰাব পৰা যাব।
এই প্রসঙ্গত ডিআৰডিওৰ বিজ্ঞানী দেবেন্দ্র শর্মাই কয়, ‘হস্পিটেলবোৰে যাতে অক্সিজেন যোগানকাৰীসকলৰ ওপৰত নির্ভৰ কৰিবলগা নহয়, তাৰ বাবেই এই উদ্যোগ।’
কেৱল দিল্লী নহয়, দেশৰ বিভিন্ন প্রান্তৰ হস্পিটেলত আগন্তুক তিনি মাহত মুঠ ৫০০টা মেডিকেল অক্সিজেন প্লেন্ট স্থাপন কৰা হ’ব বুলি জনাইছে ডিআৰডিওৰ অধ্যক্ষ জি সতীশ ৰেড্ডিয়ে। ইয়াৰ ফলত কৰোনাৰ চিকিৎসা বহুখিনি মজবুত হ’ব। ৰোগীৰ মৃত্যুৰ হাৰ কমিব। ৰেড্ডিয়ে জনোৱা মতে, পিএম কেয়াৰ পুঁজিৰ ধনেৰেই স্থাপন হ’ব এই অক্সিজেন প্লেন্টবোৰ।











