ছাইদুল ইছলাম
ডিফু : শেহতীয়াকৈ কোনো মহামাৰীৰ আতংকই পুনৰ সমগ্র দেশবাসীক সন্ত্রস্ত কৰি ৰখাৰ সময়তে ক’ভিড সংক্ৰমণৰ গইনা লৈ পুনৰ অসম-নাগালেণ্ড সীমান্তবর্তী কাৰ্বি আংলং জিলাৰ ভূখণ্ডত নগাই অবৈধভাৱে গেট স্থাপন কৰাৰ ঘটনাই পুনৰ দুয়োখন ৰাজ্যৰ সীমান্ত এলেকাত উত্তেজনা বৃদ্ধি কৰিছে।
উল্লেখযোগ্য যে, কোনো অতিমাৰীৰ সুযোগ লৈয়ে একাংশ নগা দুস্কৃতিকাৰীয়ে এনেদৰে কাৰ্বি আংলঙৰ ভূমিত গেট স্থাপন কৰাৰ ফলত গে’টৰ সিপাৰে ৰৈ যোৱা জিলাখনৰ আৱাসীসকলে ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে এলেকাটোত এক নিৰাপত্তাহীন পৰিস্থিতিৰো সৃষ্টি হৈছে। প্রাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলঙৰ ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তৰ ডিমাপুৰৰ দাঁতি কাষৰীয়া কাৰ্বি আংলঙৰ চাংতাম টিলা নামৰ ঠাইত এগৰাকী নগা নেতৃস্থানীয় লোকৰ নেতৃত্বত স্থাপন কৰা হৈছে এখন গে’ট। মূলতঃ অসমৰ পৰা যাতে চুবুৰীয়া ৰাজ্যখনত ক’ভিডৰ সংক্রমণ ঘটিব নোৱাৰে তাৰ বাবেই গেটখন স্থাপন কৰা বুলি কোৱা হৈছে যদিও কাৰ্বি আংলঙৰ ভূমিত স্থাপন হোৱা গেটখনৰ প্রসংগক কেন্দ্ৰ কৰি কাৰবি আংলঙত সৃষ্টি হৈছে বিৰূপ প্রতিক্রিয়াৰ।
বিশেষকৈ ডিফু-লামডিং-হাফং পথছোৱাত গেটখন স্থাপন কৰাৰ ফলত গেটখনৰ আনটো পাৰে থকি যোৱা কাৰ্বি আংলঙৰ লোকসকলেই এতিয়া গে’টখনৰ বাবে নিজ জিলাখনতে প্রৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত স্থানীয় লোকসকলো সম্প্রতি যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সীমান্ত এলেকাত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে আজি কার্বি ছাত্ৰ সন্থাৰ নেতা চিমিঅন ৰংফাৰ আৰু ডিমাচা ছাত্ৰ সন্থাৰ নেতা ধীৰাজ ডিফুছা সীমান্ত এলেকাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় নগা স্টুডেন্ট ফেডাৰেশ্যনৰ সৈতেও ছাত্র নেতা দুগৰাকীয়ে এই সন্দৰ্ভত আলোচনাত মিলিত হয়, যদিও কোনো ফলপ্রসূ সমাধান উলিওৱাত ব্যর্থ হোৱা বুলি জানিব পৰা গৈছে।
দুয়োগৰাকী ছাত্র নেতাই ৰাজ্যত নতুনকৈ গঠন হোৱা চৰকাৰক অসম-নাগালেণ্ড সীমা সমস্যা সম্পর্কে বিহিত ব্যবস্থা গ্রহণ কৰাৰ দাবী জনাইছে। লগতে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া কাৰ্বি আংলঙৰ ভূমিত স্থাপন কৰা গেটখনো শীঘ্ৰে উঠাই নিয়াৰ বাবে দাবী জনাইছে দুয়োটা ছাত্র সংগঠনে।