![]()
নিউজ ডেস্কঃ
কেন্দ্রক অক্সিজেনৰ যোগান বৃদ্ধিৰ নির্দেশ দিছিল কর্নাটক হাইকোর্টে। উক্ত ৰায়ৰ বিৰুদ্ধে ছুপ্রিম কোর্টত আবেদন কৰিছিল কেন্দ্রই। পিছে তাৰ পৰা একো লাভ নহ’ল। হাইকোর্টৰ ৰায়ক সমর্থন জনাই ছুপ্রিম কোর্টেও জনাই দিলে, এই পৰিস্থিতিত কর্নাটকক অতিৰিক্ত অক্সিজেন কেন্দ্রই যোগান ধৰিবই লাগিব।
ন্যায়াধীশ চন্দ্রচূড়ৰ বক্তব্য, ‘কর্নাটক হাইকোর্টৰ ৰায় সচেতন, সুচিন্তিত। কেন্দ্রৰ আবেদন শুনাৰ বাবে কোনো কাৰণ বিচাৰি পোৱা নাই।’
উল্লেখযোগ্য যে কর্নাটকক বৰ্তমান দিনত ৯৬৫ মেট্রিক টন অক্সিজেন যোগান ধৰে কেন্দ্রই। কর্নাটক হাইকোর্টে জনাইছে, এই পৰিমাণ বৃদ্ধি কৰিব লাগিব। ১,২০০ মেট্রিক টন অক্সিজেন যোগান ধৰিব লাগিব। কিন্তু এই ৰায়কে স্থগিত ৰখাৰ বাবে আবেদন জনাই ছুপ্রিম কোর্টত পিটিচন দাখিল কৰে কেন্দ্রই। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই জনায়, এই ৰায় ‘যুক্তিহীন’। ইয়াৰ ফলত অক্সিজেন বিতৰণৰ ক্ষেত্রত খেলিমেলিৰ সৃষ্টি হ’ব।
কেন্দ্রই লগতে এই যুক্তিও দিয়ে যে, ‘সকলো ৰাজ্যৰ হাইকোর্টে এনে ধৰণৰ ৰায় দি থাকিলে কাম কৰাই সম্ভৱ নহয়। মাদ্রাজ, তেলেঙ্গানাসহ অন্য কিছু ৰাজ্যৰ হাইকোর্টেও এই বিষয় লৈ গোচৰ শুনিছে। তেনেহ’লে তেওঁলোকেই অক্সিজেনৰ যোগান দিয়ক।’ কিন্তু ছুপ্রিম কোর্টে জনাইছে যে যেনেদৰে নহওক কেন্দ্রই অক্সিজেন যোগান ধৰিবই লাগিব।











