![]()
নিউজ ডেস্কঃ
স্কুলবেগৰ ভিতৰত আছিল বন্দুক। ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্রীয়ে উলিয়াই হঠাৎ গুলী চলাবলৈ আৰম্ভ কৰে শ্ৰেণীকোঠাৰ ভিতৰত। প্রথমে নিজৰ দুই সতীর্থক লক্ষ্য কৰি তাৰ পিছত স্কুলৰ এজন কৰ্মচাৰীৰ দিশে। কেইবা ৰাউণ্ড গুলী চলাই যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে আটাইকেইজন। পিছত ছাত্রীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে তিনিজনক হত্যাৰ চেষ্টাৰ অভিযোগ দাখিল হ’ব পাৰে বুলি জনাইছে এই সংক্রান্ত গোচৰৰ অধিবক্তা মার্ক টেইলৰে।
ঘটনাটি ঘটিছে ইদাহোৰত। পশ্চিম আমেৰিকাৰ জেফাৰছন কাউন্টিৰ এখন মাধ্যমিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্রীৰ এই কাণ্ড দেখি ভয়ত বিতত হৈ পৰে স্কুল কর্তৃপক্ষ।
বৃহস্পতিবাৰে পুৱা ৯ বজাত স্কুল আৰম্ভ হোৱাৰ কিছু সময় পিছতেই ঘটনাটি ঘটে ৰিগবি মিডল স্কুলত। স্কুল কর্তৃপক্ষই জনোৱা মতে, স্কুলৰ ভিতৰত আৰু বাহিৰত কেইবা ৰাউণ্ড গুলী চলায় ছাত্রীগৰাকীয়ে। অৱশেষত এজন শিক্ষকে বন্দুকটো ছাত্রীগৰাকীৰ হাতৰ পৰা আজুৰি লৈ যায়। পিছত আৰক্ষীৰ হাতত গতাই দিয়ে।
ছাত্ৰীগৰাকীয়ে কিয় এনে ঘটনা ঘটাকে, কেনেদৰে তেওঁৰ ওচৰলৈ বন্দুক আহিল, তাক লৈ পৃথকে তদন্ত আৰম্ভ কৰিছে স্কুল আৰু আৰক্ষীয়ে।











