![]()
নিউজ ডেস্কঃ
সাতবাৰৰ বিধায়ক, দুবাৰ চেন্নাইৰ মেয়ৰৰ পিছত ৬৯ বছৰ বয়সত এইবাৰ তামিলনাডুৰ মুখ্যমন্ত্রী হ’ল এম কে ষ্টেলিন। ইয়াৰ পূৰ্বে ৰাজ্যখনত ইমান বয়সত কোনোৱে প্রথমবাৰ মুখ্যমন্ত্রী হোৱা নাই। ষ্টেলিনৰ পিতৃ এম কৰুণানিধি আছিল ৰাজ্যখনৰ পাঁচবাৰৰ মুখ্যমন্ত্রী।
শুক্রবাৰে নিজৰ মন্ত্রীসভাৰ ৩২ জন সদস্যৰ সৈতে শপত ল’লে ডিএমকে প্ৰধানজনে। অৱশ্যে অনুষ্ঠান আছিল একেবাৰে অনাড়ম্বৰ। কঠোৰভাৱে পালন কৰা হয় কোভিড বিধিও। অনুষ্ঠানত উপস্থিত থাকে ষ্টেলিনৰ পত্নী দুর্গা ষ্টেলিন, পুত্ৰ উদয়নিধিও। প্রথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিয়ে বিজয়ী হৈছে ষ্টেলিন–পুত্র। স্বামীৰ শপতগ্রহণৰ সময়ত চকুলো নিগৰি আহে পত্নী দুর্গাৰ। মুখ্যমন্ত্রীয়ে নিজৰ হাতত গৃহসহ কেইবাটাও বিভাগ ৰাখিছে।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ডিএমকেৰ বিজয়ৰ খনিকৰ প্রশান্ত কিশোৰ, ষ্টেলিনৰ ভগ্নী তথা ডিএমকে সাংসদ কানিমোঝি। কানিমোঝিয়ে জনোৱা মতে, তেওঁৰ ককায়েকৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। ৰাজ্যত কোভিড মোকাবিলাৰ বাবে স্পষ্ট পৰিকল্পনা আছে বুলিও জনায় ষ্টেলিনে। ইফালে ষ্টেলিনক শুভেচ্ছা জনাইছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।
উল্লেখ্য, তামিলনাডু বিধানসভা নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ডিএমকেই। ২৩৪খন আসনৰ ভিতৰত তেওঁলোকে লাভ কৰিছে ১৩৩ আসন। প্রধান বিৰোধী দল হিচাবে এআইএডিএমকেই লাভ কৰিছে ৬৬। কংগ্রেছে লাভ কৰিছে ১৮খন আসন। বিজেপিয়ে লাভ কৰিছে মাত্র ৪খন আসন।











