![]()
নিউজ ডেস্কঃ
কো–উইন ছিষ্টেমত এইবাৰ পৰিৱৰ্তন আনিলে কেন্দ্রই। এতিয়াৰে পৰা যিসকলে টীকা ল’বৰ বাবে কো–উইন এপত নাম নথিভুক্ত কৰিব, তেওঁলোকক এটি চাৰি সংখ্যাৰ ছিকিউৰিটি কোড দিয়া হ’ব। টীকা লোৱাৰ সময়ত কো–উইন ছিষ্টেমত উক্ত ছিকিউৰিটি কোড সঠিকভাবে নথিভুক্ত কৰিলেই ধৰি লোৱা হ’ব যে সংশ্লিষ্ট ব্যক্তিজনে টীকা লাভ কৰিছে। শনিবাৰৰ পৰা এই নিয়মত টীকাকৰণ চলিব বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে। দেশত টীকাকৰণ সংক্রান্তীয় তথ্যত ভুল-ভ্রান্তি এৰাবলৈ কো–উইন ছিষ্টেমত এই বিশেষ সলনি কৰা বুলি কেন্দ্রৰ তৰফৰ পৰা জনোৱা হৈছে।
কেন্দ্রই জনোৱা মতে কো–উইন পর্টেলত নাম পঞ্জীয়ন কৰাৰ সময়ত প্রত্যেক উপভোক্তাক মেছেজত এটি চাৰি সংখ্যাৰ ছিকিউৰিটি কোড দিয়া হ’ব। যিটো ব্যক্তিজনে সযতনে ৰাখিব লাগিব। টীকা ল’বলৈ যাওঁতে স্বাস্থ্যকর্মীক উক্ত কোডটো জনাব লাগিব৷ তেওঁ সেই কোডটো কো–উইন পর্টেলত উঠাই দিব। যিসকলে টীকা লোৱাৰ বাবে আবেদন কৰিছে তেওঁলোকে প্ৰকৃততে টীকা পাইছেনে নাই, সেই সংক্রান্তীয় তথ্য সঠিকভাবে পঞ্জীভুক্ত কৰিবলৈ এই নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।.











