নিউজ ডেস্কঃ
আসন্ন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলাৰ বাবে শুক্রবাৰে ১৮ জনীয়া ভাৰতীয় দল ঘোষণা কৰিলে ৰাষ্ট্ৰীয় নির্বাচক কমিটিয়ে। উক্ত দলত আঘাতৰ পৰা মুক্ত হৈ দললৈ উভতিছে মহম্মদ ছামি, ৰবীন্দ্র জাডেজা আৰু হনুমা বিহাৰী। অৱশ্যে ভ্ৰমণকাৰী দলটোত সম্প্ৰতি নাই কে এল ৰাহুল আৰু ঋদ্ধিমান সাহা। আইপিএলৰ সময়ত ৰাহুল এপেন্ডিছাইটিছত আক্রান্ত হৈ হস্পিটেলত ভর্তি হৈ আছে। অলপতে তেওঁৰ অস্ত্রোপচাৰ সম্পন্ন হৈছে। ইফালে ঋদ্ধিমান কৰোনাত আক্রান্ত। দুয়োৰে শাৰীৰিক অৱস্থাৰ উন্নতি হ’লে ইংলেণ্ডলৈ উৰা মাৰিব।
কিন্তু ১৮ সদস্যৰ দলটোত হার্দিক পাণ্ডিয়া আৰু কুলদীপ যাদৱে স্থানলাভ কৰা নাই। পৃথ্বী শ্বই বিজয় হজাৰে ট্রফী আৰু আইপিএলত নিজকে প্ৰমাণ কৰিলেও তেওঁকো সুযোগ দিয়া নাই নির্বাচকসকলে। আনকি বিগত অষ্ট্ৰেলিয়া ভ্ৰমণত নৱদীপ ছাইনিয়ে দৃষ্টি আকৰ্ষণ কৰিলেও তেৱোঁ বাদ পৰিছে তালিকাৰ পৰা। ইফালে চেতন শর্মাৰ নেতৃত্বত নির্বাচক কমিটিয়ে অভিমন্যু ঈশ্বৰণ, প্রসিদ্ধ কৃষ্ণ, আবেশ খান আৰু গুজৰাটৰ যুৱ বাঁওহতীয়া ফাষ্ট বলাৰ আর্জান নাগৱাছৱালাক অতিৰিক্ত খেলুৱৈ হিচাবে দলৰ সৈতে পঠিওৱাৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য, ছাউডাম্পটনত অহা ১৮ জুনৰ পৰা কেন উইলিয়ামছনৰ নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণ কৰিব বিৰাট বাহিনীয়ে। উক্ত মেচৰ পিছতেই ৪ আগষ্টৰ পৰা জো ৰুটৰ ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টত অৱতীৰ্ণ হ’ব ভাৰত। পাঁচ মেচৰ শৃংখলাটো চলিব ১৪ ছেপ্টেম্বৰলৈ।
ঘোষিত দলটো :
বিৰাট কোবলি (অধিনায়ক), আজিংক্য ৰাহানে (উপ-অধিনায়ক), ঋষভ পণ্ট (উইকেটৰক্ষক), ৰোহিত শৰ্মা, হনুমা বিহাৰী, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, ঈশান্ত শৰ্মা, মহম্মদ চিৰাজ, মায়ংক আগৰৱাল, শুভমন গিল, চেতেশ্বৰ পূজাৰা, ৰবিচন্দ্ৰন অশ্বিন, অক্ষৰ পেটেল, যশপ্ৰিত বুমৰাহ, মহম্মদ ছামি, ছাৰ্দুল ঠাকুৰ আৰু উমেশ যাদৱ।