![]()
নিউজ ডেস্কঃ
মাত্র একৰ চাপ। কেৱল এবাৰৰ চেষ্টাতেই ২৭ চেকেণ্ডত সন্তান প্রসৱ কৰিলে ব্রিটেইনৰ ছফিয়া বাগে। ৩৮ সপ্তাহৰ অন্তঃসত্ত্বা আছিলেন হেমশ্বেয়াৰৰ বেছিংষ্টকৰ বাসিন্দা ২৯ বছৰীয়া ছফিয়া। মাজনিশা শাৰীৰিক সমস্যা হোৱাত শৌচালয়লৈ যায় তেওঁ। ঠিক এক মিনিট পিছতে তেওঁ যেতিয়া বাথৰুমৰ পৰা ওলাই আহে, তেতিয়া দেখা পায় সদ্যোজাতৰ মূৰ তেওঁৰ দুই ভৰিৰ মাজেৰে ওলাই আহিছে। লগে লগে তেওঁ তিনি চিঞৰি মাতে তেওঁৰ সঙ্গী ৩২ বছৰীয়া ক্রিছক। ইয়াৰ পিছত মাত্র এবাৰৰ চেষ্টাতেই এটা চাপতে সন্তান প্রসৱ কৰে ছফিয়াই।
ডেইলি মেইলক দিয়া সাক্ষাৎকাৰত ছফিয়াই কয়, ‘একমুহূর্তত সন্তান প্রসৱ হৈ গ’ল। মই শৌচালয়লৈ গৈ বন্ধুক মেছেজ কৰিছিলো। হঠাৎ দেখো সন্তানটি বাহিৰ ওলাই আহিছে। মোৰ হাতত সন্তানৰ স্পর্শ লাগিল। মোৰ বন্ধুৱে কৈছিল, বাহিৰৰ পৰা এবাৰ চাপ দিবলৈ। উক্ত চাপতেই ওলাই আহে সন্তান। তাকো মাত্র ২৭ চেকেণ্ডত।’ ছফিয়াই কয়, ‘মই কোনো যন্ত্রণা অনুভৱ কৰা নাছিলোঁ। একো বুজিও পোৱা নাছিলোঁ।’
ইয়াৰ পিছত মাতৃ-কন্যাক হস্পিটেললৈ লৈ যোৱা হয়।











