ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি পুৱাৰ ভাগত ডিফুত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও চালকসহ কথমপি প্ৰাণ ৰক্ষা পৰে দুজনকৈ যাত্ৰী ৷ সামান্যভাবে আহত দুৰ্ঘটনাগ্ৰস্থ গাড়ীৰ চালক ৰবাৰ্ট চাংমাই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁ AS 01M 0732 ছুইফট ডিজায়াৰখনত দুজন যাত্ৰীসহ ডিফুৰ পৰা বৈঠালাংছ দিশে যাত্ৰা কৰিছিল ৷
ডিফুৰ সমীপৱৰ্তী বিৰলাৰ এফছি আই গুদাম তিনিআলিৰ সন্মুখত গৈ পাওঁতেই তেওঁৰ গাড়ীখনৰ সন্মুখৰ চকাৰ বায়ু ওলাই যোৱাত গাড়ীখন ৰাস্তাৰ কাষৰ নলাৰ ওপৰত ওলোটাকৈ বাগৰি পৰে ৷ গাড়ীখনৰ দুয়োজন যাত্ৰী ভয়ঙ্কৰ দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰে আৰু চালকজন নিজে সামান্য পৰিমানে আহত হয় বুলি জানিব দিছে ৷ ঘটনীৰ খবৰ লাভ কৰি ডিফু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাগ্ৰস্থ গাড়ীখন উদ্ধাৰ কৰি আনে ৷