ছাইদুল ইছলাম
ডিফু : ‘কাৰ্বি আংলঙত অক্সিজেনৰ নাটনিক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। জিলাখনত সম্প্ৰতি পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত আছে । ডিফু চিকিৎসা মহাবিদ্যালয়কে ধৰি জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত কৰি ৰখা হৈছে।’ এই মন্তব্য কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ । সমগ্ৰ দেশজুৰি ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ লগতে অক্সিজেনৰ অভাৱ এক অন্যতম সমস্যা হিচাপে পৰিগণিত হোৱাৰ সময়তে এই মন্তব্য প্ৰদান কৰে পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ।
উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ওঠৰ বছৰৰ উৰ্দ্ধৰ লোকসকলৰ মাজত কোভিডৰ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে আজি জিলাখনৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদানৰ পৰিস্থিতিৰ বুজ লয়। এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে পি এম কেয়াৰ পুঁজিৰ ধনেৰে ডিফু চৰকাৰী মহাবিদ্যালয় হাস্পতালত নিৰ্মাণ কৰা অক্সিজেন প্লান্টটো মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে।
অৱশ্যে জিলাখনৰ কোভিড পৰিস্থিতি যাতে এনে অৱস্থালৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে কঠোৰভাৱে কোভিড বিধি মানি চলাৰ আহ্বান জনায় ।