![]()
নিউজ ডেস্কঃ
দেশৰ মেডিকেলসমূহত অক্সিজেনৰ যোগান আৰু বিতৰণৰ বিষয়টো নিৰীক্ষণ কৰিবলৈ ১২ সদস্যৰ ৰ্ষ্ট্ৰীয় টাস্ক ফৰ্চ গঠন কৰিলে ছুপ্রিম কোৰ্টে। উক্ত টাস্ক ফৰ্চৰ নেতৃত্ব দিব পশ্চিমবঙ্গ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ভৱতোষ বিশ্বাসে। সমগ্ৰ দেশত যুক্তিগত আৰু ন্যায়সঙ্গতভাবে মেডিকেল অক্সিজেনৰ যোগান, সৰবৰাহ আৰু জীৱনদায়ীনী ঔষধৰ সৰবৰাহ পৰীক্ষা কৰি চাব এই টাস্ক ফৰ্চে। একেদৰে কোভিডৰ চিকিৎসাৰ বাবে যাৱতীয় প্ৰত্যাহ্বান মোকাবিলাৰ বাবে ব্যৱস্থা গ্রহণৰ বাবেও টাস্ক ফৰ্চে পৰামর্শ দিব।
উল্লেখ্য, শুক্রবাৰে শীর্ষ আদালতে টাস্ক ফৰ্চ গঠনৰ নির্দেশ দিয়া হৈছিল। ইয়াৰ উপৰি বিভিন্ন ৰাজ্যত অক্সিজেন আবণ্টনৰ ভিত্তিও পৰীক্ষা কৰাৰ কথা কেন্দ্রক জনাইছিল আদালতে।
টাস্ক ফৰ্চৰ অন্য সদস্যসকলৰ ভিতৰত আছে গুৰুগ্রামৰ মেদান্ত হস্পিটেল আৰু হার্ট ইনষ্টিটিউটৰ চেয়াৰপাৰ্ছন আৰু মেনেজিং ডিৰেক্টৰ নৰেশ ত্রিহান। ইয়াৰ উপৰি দিল্লীৰ গঙ্গাৰাম হস্পিটেল, ভেলোৰৰ ক্রিশ্চান মেডিকেল কলেজ, বেঙ্গালুৰুৰ নাৰয়ণ হেল্থকেয়াৰ আৰু মুম্বাইৰ ফর্টিছ হস্পিটেলৰ চিকিৎসকসকল আছে।











