ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ৰেডক্ৰছৰ ১৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয় ৷ এই উপলক্ষে ডিফুৰ বিৰলাৰ ওচৰৰ আৰ্তুংছত ক’ভিড প্ৰট’কল অনুসৰি ৰেডক্ৰছৰ পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক বৰচিং ফাংছ’ৱে ৷
ইয়াৰোপৰি সাধাৰণ সম্পাদকক অনুসৰণ কৰি ৰেডক্ৰছৰ প্ৰতিষ্ঠাপক জেন হেনৰি ডোনামৰ প্ৰাতৃকৃতিৰ সন্মুখত বন্তি প্ৰজলন কৰে ৰেডক্ৰছৰ অনান্য সদস্যসকলে ৷ উক্ত সভাত ৰেডক্ৰছৰ কোষাধ্যক্ষ জলিৰাম তেৰাঙো উপস্থিত থাকে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং ৰেডক্ৰছৰ সাধাৰণ সম্পাদক বৰছিং ফাংছ’ৱে কয় যে, আজিৰ এই পতাকা উত্তোলনৰ পিছতে কাৰবি আংলং ৰেড ক্ৰছ ছ’চাইটিৰ উদ্যোগত ধনশিৰি অনাথ আশ্ৰম আৰু ডিফুৰ গীতাশ্ৰমলৈ গৈ মাস্ক ছেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰা হ’ব ৷
ইয়াৰোপৰি কৰ’ণাৰ ভয়াভহতা আৰু প্ৰাকৃতিক দুৰ্যোগসমূহৰ ওপৰত বিভিন্ন সজাগতা কাৰ্যসূচী ৰেডক্ৰছে অনুষ্ঠিত কৰি আহিছে ৷ প্ৰয়োজনীয় মাস্ক ছেনিটাইজাৰসমূহ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰূপছিং টেৰণে ৰেডক্ৰছক যোগান ধৰিছে বুলি জানিবলৈ দিছে ৷