![]()
নিউজ ডেস্কঃ
অতিমাৰি ৰুধিবলৈ এইবাৰ আগবাঢ়ি আহিছে বলিউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চন। দিল্লীৰ ‘শ্রীগুৰু টেগ বাহাদুৰ কোভিড কেয়াৰ চেণ্টাৰ’লৈ ২ কোটি টকা দান কৰে ‘বিগ বি’খ্যাত জ্যেষ্ঠ অভিনেতাজনে। টুইটযোগে এই কথা জনাইছে ৰাজধানীৰ শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা সমিতিৰ সভাপতি মনজিন্দৰ সিং ছাৰছাই৷ তেওঁ লগতে কয় যে অমিতাভ বচ্চনে অক্সিজেন চিলিণ্ডাৰৰো ব্যৱস্থা কৰি দিব।
উল্লেখ্য, ১০ মে’ৰ পৰা ৰাজধানী দিল্লীৰ এটা গুৰুদ্বাৰত ৩০০ বিছনা বিশিষ্ট এই কোভিড কেয়া চেণ্টাৰ মুকলি কৰা হ’ব বুলি পূৰ্বতেই ঘোষণা কৰা হৈছিল। য’ত বিনামূল্যে কৰোনা ৰোগীৰ চিকিৎসা হ’ব। ঠিক এই সময়তে অমিতাভ বচ্চনৰ মুক্তহস্তে কৰা দানৰ ভূয়সী প্রশংসা কৰে সভাপতিগৰাকীয়ে।
আকালি দলৰ ৰাষ্ট্ৰীয় মুখপাত্র মনজিন্দৰ সিঙে লগতে জনায়, শিখসকলৰ এই ভূমিকাত ‘বিগ বি’ গর্বিত। জ্যেষ্ঠ অভিনেতাজনে কয়, ‘শিখসকল কিংবদন্তি। তেওঁলোকৰ এই সেৱামূলক কামক চালাম জনাইছো।’











