![]()
নিউজ ডেস্কঃ
কোভিডে যেন প্ৰতিদিনে কোনো নহয় কোনো দুঃসংবাদ কঢ়িয়াই লৈ ফুৰিছে। এজনৰ পিছত আনজন বিখ্যাত ব্যক্তিয়ে তেওঁলোকৰ প্রিয়জনক হেৰুৱাবলগা হৈছে। সোমবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য পীযূষ চাওলাই হেৰুৱালে তেওঁৰ পিতৃ প্রমোদ কুমাৰ চাওলাক। নিজেই ইনষ্টাগ্রামত পোষ্ট কৰি এই মর্মান্তিক সংবাদটি দিয়ে স্পিনাৰগৰাকীয়ে।
উল্লেখ্য, সদ্য স্থগিত আইপিএলত মুম্বাই ইণ্ডিয়ান্সৰ হৈ খেলিছিল চাওলাই। তাৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ হৈও খেলিছিল তেওঁ। তেওঁৰ পিতৃ বিগত কিছু দিন ধৰি কোভিড আক্ৰান্ত হৈ আছিল। সোমবাৰে দিল্লীৰ এখন হস্পিটেলত তেওঁৰ মৃত্যু হয়। ইনষ্টাগ্রামত চাওলাই লিখিছে, “তোমাৰ অবিহনে জীৱনত আৰু একোৱেই থাকিব নোৱাৰে। জীৱন শক্তিৰ অন্যতম ভৰসাকে হেৰুৱালো।”
ইফালে পীযূষ চাওলাক সমবেদনা জনাই ইৰফান পাঠানে টুইটাৰত লিখিছে, “মোৰ ভাল বন্ধু পীযূষ চাওলাৰ পিতৃ প্রমোদ কুমাৰ আৰু নাই। তোমালৈ তথা পৰিয়াললৈ আন্তৰিক সমবেদনা যাচিলো। আশাকৰো ধৈর্যৰ সৈতে তুমি এই কঠিন সময় পাৰ হৈ আহিবা। প্রমোদ খুড়া অতি ভাল মানুহ আছিল। কোভিডে আৰু এটা জীৱন কাঢ়ি নিলে।”











