![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰা কাৰ্বি আংলং জিলা প্ৰশাসনলৈ এখনি এম্বুলেঞ্চ আগবঢ়োৱা হয় । আন্তঃগাঁথনিৰ উন্নয়ন আৰু সহযোগিতাৰ বাবে আগবঢ়োৱা উক্ত এম্বুলেঞ্চ সেৱাৰ আজি বিয়লি এক বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে কাৰ্বি আংলং জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই। সাংবাদিকৰে হোৱা বাৰ্তালাপত জিলা উপায়ুক্তগৰাকীয়ে এম্বুলেঞ্চখনে ৰোগীসকলৰ জৰুৰী সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে জিলাখনত ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে যথাসম্ভৱ সকলো ব্যৱস্থা হাতত লোৱা হৈছে বুলি কয় ।












