![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : এফালে ৰাজ্যত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ গঠনৰ তৎপৰতা অব্যাহত থকাৰ সমান্তৰালভাৱে অসম গৌৰৱ কাজিৰঙাৰ এশিঙীয় গঁড় নিধন কৰি খড়গৰ সৰবৰাহ কৰাৰ বাবে তৎপৰ হৈ পৰিছে শক্তিশালী অপৰাধী চক্র। কালি কাৰ্বি আংলং জিলা আৰক্ষীয়ে দুর্ধর্ষ গঁড় চিকাৰী চক্ৰৰ বিৰুদ্ধে এক অন্যতম সফল অভিযান চলাই চাৰিটাকৈ চিকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ স্বয়ংক্রিয় অস্ত্র-শস্ত্রসহ ভালেসংখ্যক আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, জিলাখনৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজান এলেকাত অস্ত্র-শস্ত্রসহ এটা অপৰাধীৰ দল ঘূৰি ফুৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰে।
নিৰ্ভৰযোগ্য সূত্রযোগে এই তথ্য লাভ কৰাৰ পিছতে কালি পুৱাৰ ভাগৰ পৰা কাৰ্বি আংলং জিলাৰ এক বৃহৎ আৰক্ষী বাহিনীয়ে উক্ত অপৰাধীচক্ৰৰ বিৰুদ্ধে এলেকাটোত অভিযান আৰম্ভ কৰে। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা তথা কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ-অধীক্ষক নাহিদ কৰিশ্মা আৰু বকলীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙৰ নেতৃত্বত আৰক্ষীৰ দুটা গোটে এলেকাটোত সুকীয়া সুকীয়াকৈ অভিযান চলায়। উক্ত অভিযানত আৰক্ষীৰ দলটোৱে বিয়লিৰ ভাগত থেকেৰাজান এলেকাৰ পৰা তিনিটাকৈ দুর্ধর্ষ গঁড় চিকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গঁড় চিকাৰীকেইটা ক্রমে কাৰ্বি আংলং জিলাৰ চামেলাংছ’ থানাৰ অন্তৰ্গত বৰপুং ছিং টেৰণ গাঁৱৰ ৱেলচন টেৰণ (৩৪), চকী হোলা থানাৰ অন্তৰ্গত বৰলাংছ’ গাঁৱৰ দেৰেছাং ৰেংমা (৩৬) আৰু আল’ ৰেংমা (২৯) বুলি চিনাক্ত কৰা হৈছে। ধৃত চোৰাং চিকাৰীকেইটাৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুটা এ কে ৪৭ ৰাইফল, দুটা মেগজিনসহ এ কে ছিৰিজৰ ত্রিশ জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে দুটা টর্চ লাইট, বেগ আদি কৰি অন্য কেতবোৰ আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, জিলাখনৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজানৰ মাজেৰে চোৰাং গঁড় চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহ-যাহ কৰাৰ বাবে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। থেকেজান হৈ পাহাৰীয়া পথেৰে কেইবাদিন খোজকাঢ়ি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হোৱাকৈ সুচল পথ আছে। সেয়েহে, স্বয়ংক্রিয় মৰণাস্ত্রসহ যাতায়াতৰ বাবে চোৰাং চিকাৰীৰ দলে এই পথছোৱাক নিৰাপদ কৰিডৰ হিচাপে বিবেচনা কৰি আহিছে।
আনহাতে, আৰক্ষীৰ জালত পৰা আল’ ৰেংমাৰ ঘৰ চকী হোলাত যদিও দীর্ঘদিন ধৰি ডিমাপুৰৰ পুৰণা বজাৰত থাকি গঁড় চিকাৰী চক্ৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি গঁড় চিকাৰীৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। কালি বিয়লিয়েই গঁড় চিকাৰী চক্ৰটো জালত পৰাৰ পিছতো তদন্তৰ খাতিৰতে বিষয়টো জিলা আৰক্ষীয়ে স্থানীয় সংবাদ মাধ্যমক অৱগত কৰোৱাৰ পৰা বিৰত থাকে। এই সন্দৰ্ভত বকলীয়াঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ২৫(১-এ) অস্ত্র-শস্ত্র আইনৰ অধীনত ২১/২০২১নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। চোৰাং চিকাৰী চক্ৰৰ বিৰুদ্ধে আজি পর্যন্ত জিলাখনৰ আৰক্ষীয়ে পাহাৰীয়া দুর্গম অঞ্চলত অব্যাহত ৰাখিছে ব্যাপক অভিযান। প্রসংগক্রমে উল্লেখযোগ্য যে, বিগত বৰ্ষতে থেকেৰাজান এলেকাত কাৰ্বি আংলং আৰক্ষীয়ে চোৰাং গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই ভালেকেইটা দুধর্ষ গঁড় চিকাৰীক আটক কৰাৰ লগতে এ কে ৫৬ জাতীয় গধুৰ অস্ত্রও চোৰাং চিকাৰীৰ জিম্মাৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল। যোৱাটো বছৰত কাজিৰঙাৰ চোৰাং গঁড় চিকাৰীৰ বিৰুদ্ধে এলানি সফল অভিযানৰ নেতৃত্ব দিয়া কাৰ্বি আংলং জিলা আৰক্ষীৰ বাবে এই অভিযান গঁড় চিকাৰীৰ বিৰুদ্ধে এক অন্যতম সফল অভিযান হিচাপে পৰিগণিত হৈছে।













