![]()
ছাইদুল ইছলাম
ডিফু : আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ মাজমজিয়াত এটি পঞ্চাছোৰ্ধৰ লোকৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি সোমবাৰে সন্ধিয়া ডিফু কাছা ষ্টেডিয়াম ৰোডৰ দিশে ষ্টেডিয়ামৰ এটি নৱনিৰ্মিত বাৰান্দাত এটি অচিনাক্ত লোকৰ মৃতদেহ অৰ্দ্ধগলিত ৰূপত পৰি থকা বুলি খবৰ লাভ কৰে ৷
ডিফু নগৰ আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক দীপামনি হাজৰিকাই সংগীয় ষ্টাফসহ উক্ত স্থানৰ পৰা অচিনাক্ত ব্যক্তিগৰাকীৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি চিনাক্তকৰণৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ত ৭২ ঘণ্টাৰ বাবে মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে ৷ এই সন্দৰ্ভত ডিফু থানাত এটা গোছৰ ৰুজো দি তদন্ত কৰা হ’ব বুলি জানিব দিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷












