![]()
নিউজ ডেস্কঃ
বহু দিন ধৰি চলিছিল বিদ্ৰোহ। শাসকীয় দলৰ ভিতৰতেই সৃষ্টি হৈছিল এই বিদ্ৰোহ। এটা দলে প্রধানমন্ত্রীৰ পদত কে পি শর্মা অলিক আৰু মানিবলৈ বিচৰা নাছিল। এইবাৰ আস্থাভোটত পৰাস্ত হ’ল অলি চৰকাৰৰ। নেপাল হাউছ অৱ ৰিপ্রেজেন্টেটিভছত সদস্য সংখ্যা ২৭১। সাংসদৰ নিম্নকক্ষত সংখ্যাগৰিষ্ঠতা প্রমাণৰ বাবে অলিৰ প্ৰয়োজন আছিল ১৩৬টা ভোট। তাৰ ভিতৰত অলিৰ পক্ষত মাত্র ৯৩টা ভোট পৰে। ১২৭টা ভোট যায় বিপক্ষে। শাসকীয় দল কমিউনিষ্ট পার্টিৰেই ২৮ জন সদস্যই ভোটদানৰ পৰা বিৰত থাকে। তেওঁলোকৰ ভিতৰত আছে প্রাক্তন প্রধানমন্ত্রী জালানাথ খানাল, মাধৱ কুমাৰ নেপাল। দলে হুইপ জাৰি কৰাৰ পিছতো ভোটদানৰ পৰা বিৰত থাকে তেওঁলোক। যাৰ বাবে এই দুই প্রাক্তন প্রধানমন্ত্রীয়ে সংসদৰ সদস্যপদ হেৰুৱাব লগা হ’ব পাৰে।
যোৱা সোমবাৰেই সংসদৰ নিম্নকক্ষৰ অধ্যক্ষই ৰাষ্ট্রপতিলৈ পত্ৰ লিখে। তাত তেওঁ কয়, প্রধানমন্ত্রী অলিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। ইয়াৰ পিছত অলিয়ে ৰাষ্ট্রপতিক সাক্ষাৎ কৰে যদিও লাভ নহ’ল।
বিগত সপ্তাহত পুষ্পকুমাৰ দহল ওৰফে প্রচণ্ডৰ নেতৃত্বাধীন নেপাল কমিউনিষ্ট পার্টিয়ে (মাওবাদী) সমর্থন প্রত্যাহাৰ কৰে। অভিযোগ, নেপালত কোভিড মোকাবিলা কৰাত ব্যর্থ চৰকাৰ। সংখ্যাগৰিষ্ঠতা হেৰুৱায় অলিৰ চৰকাৰে। যাৰ বাবে তেওঁ সংসদৰ নিম্নকক্ষত আস্থা ভোটলৈ যাবলগীয়া হয়।











