![]()
জোনাই আৰক্ষী থানাৰ অন্তৰ্গত ১নং চিৰামপুৰীয়া গাঁৱত যোৱা নিশা চাৰিজনীয়া দুবৃত্তৰ দলে আহি সুভাষ চাহু নামে ব্যৱসায়ীগৰাকীৰ ওপৰত গুলীচালনা কৰে। অচিনাকী দৃবৃত্তৰ দলটোৱে ঘটনা সংঘটিত কৰি পলাই যোৱা ঘটনাই শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, সুভাষ চাহুৰ ঘৰলৈ চাৰিজনীয়া দূৰ্বৃত্তৰ দলটোৱে চিগাৰেট বিচাৰি দোকান খুলিবলৈ কয়, কিন্তু চিগাৰেট নাই বুলি কোৱাত দলটোৱে বলপূৰ্বকভাৱে দৰ্জা খুলি সুভাষক বাহিৰলৈ মাতি আনি টকা বিচাৰে। টকা নিদিয়াত ব্যৱসায়ী গৰাকীক দলটোৱে নিচেই কাষৰ পৰা দেহত ঠাইত অৰ্থাৎ তেওঁৰ ভৰি, পেটত গুলীয়াই আহত কৰে। পিছলৈ, ঘৰৰ মানুহে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীৰ পৰা পলাই যায় দলটো।

ইপিনে পৰিয়ালৰ লোকে আহত ব্যৱসায়ী সুভাষ চাহুক নিশাই জৰুৰীকালীন সেৱাৰ সহায়ত জোনাই সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও সংকটজনক হোৱাৰ বাবে ব্যক্তিজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ আজি পুৱাৰে পৰা জোনাই আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে৷ ঘটনাৰ সন্দৰ্ভত জোনাই আৰক্ষী থানাই ভাৰতীয় দণ্ড বিধি আইনৰ অধিনত U/S 387/447/307/34ipc আৰু R/W-25(1)(A)/27Arms act. ধাৰা অধীনত 83/2021 নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷ কিন্তু, সহজ-সৰল প্ৰকৃতিৰ সুভাষ চাহুক কিয় এনেদৰে আহত কৰা হ’ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।













