![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্য শিক্ষা বিভাগ।ইতিমধ্যে ক’ৰনা বাবে সমগ্ৰ ৰাজ্যত অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে শিক্ষানুষ্ঠান। বিদ্যালয় বন্ধ বাবে ছাত্ৰ-ছাত্ৰীৰ যাতে শিক্ষাবৰ্ষ নষ্ট নহয় তাৰ বাবে অসম মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ পৰীক্ষা বাতিল কৰি প্ৰ-পত্ৰ পূৰণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষলৈ উৰ্ত্তীণ কৰোৱা ব্যৱস্থা কৰিছে।
ইফালে অহা ১৫ মে’ পৰা দ্বিতীয় বৰ্ষলৈ উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীৰ শ্রেণীসমূহ অনলাইনৰ জৰিয়তে আৰম্ভ কৰা বাবে সংসদে জাননী জাৰি কৰিছে।













